Assamese Jokes – Some Interesting Assamese Jokes [Updated]

Spread the love

Assamese Jokes

If you like jokes and crack jokes with your friends in daily conversation then here is the right place for some Assamese Jokes. If you are born and brought up in Assam then you must know the value of jokes in our Daily conversation. We are jokes loved people. We use Jokes everywhere ranging from the school to office with our friends. Jokes give an extra ingredient in our conversation.  We use the very old jokes to modern jokes with our friends. Jokes play a vital role in our health too no matter how old we are. We often use some Assamese jokes.

Assamese people crack jokes and like to laugh loudly. We think that – to survive in our social life it is very important to laugh daily. The great Assamese personality Lakshminath Bezbaroa said that “যি হাহিব নাজানে ,সি দেৱতা বা চয়তান”. So let’s try to laugh and remove all sorrows from our life.

So, Today I will update some very interesting Assamese Jokes. If you like these jokes then you can share with your friends.

  1. Exam of Chunu :

👉পৰীক্ষাৰ আগত চুনুৱে ইংৰাজীৰ “My Friend ” ৰচনাখন মুখস্থ কৰিছিল ।
কিন্তু পৰীক্ষাত আহিল “My Father ”
কিন্তু চুনুৱে ভয় নাখালে, বুধি খটালে আৰু মনত থকা ৰচনা খনৰ পৰা “Friend” শব্দটোৰ ঠাইত “Father” শব্দটো লগাই লিখি থৈ আহিল ।
যিজন Examiner এ তাৰ বহী চাইছিল , তেওঁ আজিও বেহুচ হৈ আছে ।
চুনুৱে লিখিছিল ,
I am a very Fatherly Person.
I have lots of Father.
Some of my Fathers are Male and some are Female.
My Mother is very close to many of my Fathers.
My uncle is also my Father.
My true Father is my neighbor.
And I love all my Fathers.
Bcoz,
Har ekk Father zaruri hota hai….
😂😂😝😛😋😂😂

You may like : Download Free Assamese Keyboard Rodali for your Android Mobile

2. Love 

ৰোগৰ নাম — ভালপোৱা ।
ৰোগীৰ নাম — প্ৰেমিক / প্ৰেমিকা !
ৰোগ আক্ৰমণৰ সময় — অনুমান কৰা অসম্ভৱ তথাপিও বেছি ভাগ ক্ষেত্ৰত 16 – 28 বছৰ বয়সত ।
ৰোগটো কৰ পৰা বিয়পে — স্কুল , কলেজ , ইউনিভাৰছিটি , টিউচন , বাচ টেন্ড , ফেচবুক ইত্যাদি ।
ৰোগৰ লক্ষণ — মা দেউতা আৰু বন্ধু বিলাকক এৰি চলা , গোটেই দিন মোবাইল , ফেচবুক , হোৱাটচ এপ ইত্যাদি লৈ ব্যস্ত থকা ।
ৰোগৰ পৰিমাণ — চেকিং , চ্যাটিং , ডেটিং , টকিং ইত্যাদি ।
ৰোগীবোৰক কত দেখা যায় — পাৰ্ক , চিনেমা হ’ল , ৰেষ্টুৰেন্ত , শপিং মল ইত্যাদি ।
ৰোগীক কোনে অনুপ্ৰেৰণা জগাই — বন্ধু , চিনেমা ইত্যাদি ।
ৰোগীৰ জাতীয় দিৱস — 14 ফেব্ৰুৱাৰী ।
ভিলেন — মা দেউতা ।
চিকিৎসা — বিবাহ ।

Assamese Jokes

3.Nagen in Plane : 

Disclaimer : This joke is not mean to insult any person ,any community any country.

এবাৰ এখন প্লেনত – আমেৰিকাৰ এজন, জাপানৰ এজন, চীনৰ এজন , বাংলাদেশৰ এজন আৰু আমাৰ অসমৰ নগেনে সাগৰৰ ওপৰেৰে গৈ আছিল।
এনেতে আমেৰিকাৰ জনৰ লেপটপটো হেং মৰাৰ কাৰণে লগে লগে খিৰিকীৰে পেলাই দিলে।
তাকে দেখি বাকী সকলে কলে যে কিয় পেলাই দিলে ?
তেতিয়া আমেৰিকান জনে কলে যে আমাৰ তাত এইবোৰৰ অভাৱ নাই।
তাকে দেখি চীনৰ জনেও নিজৰ চাইনা মবাইলটো পেলাই দিল৷
তেওঁকো সোধাত কলে যে__আমাৰ তাত available,
জাপানী জনে ঘড়ীটো পেলাই দিলে৷
তেওঁকো সোধাত ক’লে যে- আমাৰ তাত Available.
তেনেকৈ নিজৰ available বস্তুবোৰ পেলাই আহি আহি বাংলাদেশীৰ জনৰ পাল পৰাত সিও তাৰ লুঙী এখন পেলাই দিলে।
অৱশেষত আমাৰ অসমৰ নগেনৰ পাল পৰিল।
এতিয়া তেওঁ কি দিব।। চাহ পাতৰ কলি পেলাই দিবলৈকেও সেয়াও নাই।
বহু ভাবি চিন্তি শেষত গৈ বাংলাদেশী জনকে ধৰিলৈ পেলাই দিলে।
নগেনৰ কান্ড দেখি সকলো অবাক।
কিয় পেলাই দিলে বুলি সোধাত তেতিয়া নগেনে কলে —
আমাৰ তাত বাংলাদেশী available !!
সকলো বেহুচ হৈ পৰিল৷

4. Aunty use ATM

অ খুৰা অাজি অামাৰ গাৱৰ ATM টো কেলে বন্ধ হৈ অাছে ?
কি কবি অাৰু, খুৰীয়ে গৈছিল ATM ৰ পৰা পইচা ওলিয়াবলৈ,
ENTER YOUR PIN দেখি খুৰীয়ে নিজৰ ব্লাউজৰ পিন টোকে ATM ট ফচাই দিলে 😄 😂 😜

5. Letter to God of Rain

প্ৰতি

মাননীয় বৰষুণ দেৱতা মহোদয়

তাং-04/04/017

বিষয় :নেৰা নেপেৰা বৰষুণ নিদিবৰ বাবে আবেদন।

মহোদয়

সন্মান পূৰ্ব্বক বিনীত নিবেদন, এই যোৱা দুদিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত ভাল কৈ গা টো ধোব পৰা নাই, সেয়েহে অতি সোনকালে সূৰ্য দেৱতাৰ লগত অলপ ডিচকাছ কৰি সোনকালে যেন ৰ’দ দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন।

ইতি
আপোনাৰ একান্ত গা নোধোৱা শিষ্য
Xxxx

অভিভাবকৰ চহী:_________

Assamese Jokes

6. Book of a Mad
পগলাৰ হাতত কিতাপ দেখি ড়ক্টৰে সুধিলে
ভাই এইটো কি????????
পগলাই কলে
এইটো আপোনাক দেখুৱাবলৈ লৈ আহিছো!
এইটো ৪০০ পৃষ্টাৰ কিতাপ📙 মই ✏লিখিছোঁ !
ডাক্তৰ ৪০০পৃষ্টাৰ কিতাপখনত তুমি কি লিখিছা???????????????
পগলা প্ৰথম পৃষ্ঠাত লিখিছো, এজন ৰজা ঘোঁৰাৰ🏇 ওপৰত বহি হাবিৰ ফালে গল!
আৰু শেষৰ পৃষ্ঠাত
লিখিছোঁ যে তেওঁ হাবি পাই গৈছে!!
ডাক্তৰ আছ্ছা তেন্তে বাকী পৃষ্ঠাত কি লিখিছা????………..????
পগলা….টক টক টক টকৈ🏇 টক টক টক টক 🏇 টক টক টক🏇 ট্ টক টক টক টক🏇 টক টক টক টক টক 🏇 টক টক টক🏇 টক টক টক🏇 টক টক টক 🏇টক টক টক 🏇 টক টক �টক 🏇
টক টক টক 🏇 টক টক টক 🏇 টক টক টক টক🏇 টক টক টক🏇 টক টক টক🏇 টক টক টক🏇 টক টক টক🏇 টক টক টক🏇
ডাক্তৰ বাহ ধুনীয়া কিতাপ দেখোন কিন্তু কিতাপখন 📗পঢিব কোনে ?????????
পগলা…..WHATSAPP আৰূ FACEBOOKত দিম তাত পগলাৰ অভাৱ কম নেকি????
এজন তো এতিয়াই পঢ়ি
আছে 😀😀😀
আৰু কিছু সময় পিছত তেওঁৰ বন্ধু বিলাক পৰিব!
ডাক্তৰ: তুমি পগলা হলেও মাথাত BRAIN আছে দেই।

Assamese Shayari – Whatsapp status in Assamese

7. পাগল হোৱাৰ Short Cut ৰাস্তা
এটা শব্দত প্ৰকাশ কৰা—
১) পত্নীৰ কথামতে নাচি থকা লোক— #নাচপতি
২) সাহসী, দম থকা পতি— #দম্পতী
৩) ভোকত পেটটোৱে কুটকুটাই থকা— #ভাকুটকুট
৪) আমেৰিকাত পোৱা বগৰী— #ডলাৰ_বগৰী
৫) ঘড়ী পিন্ধা মানুহ— #ঘৰিয়াল
৬) ঘড়ী নিপিন্ধা মানুহ— #অঘৰী
৭) য’ত খানা পায়— #পায়খানা
৮) মূৰত চুলি নোহোৱা মানুহ— #মুকলিমুৰীয়া
৯) যিজন লংকাৰ নহয়— #অলংকাৰ
১০) খেলি থাকোতে ভাগৰত মুখ মেলি দিয়া কাৰ্য— #খেলিমেলি
১১) খিলখিলাই হাঁহিব নোৱাৰা মানুহ— #অখিল
১২) বেছি জনা লোক— #জানোৱাৰ
১৩) বহুত হুঁচ থকা লোক— #বেহুঁচ
১৪) ঘূৰি ফুৰি বেয়া পোৱা লোক— #অফুৰন্ত
১৫) চকুৰে মনিব নোৱাৰা লোক— #অদূৰদৰ্শী
(পাগল হোৱাৰ Short Cut ৰাস্তা )
———————————————-

Assamese Jokes:

8. Nagen in Mental Hospital 
পগলা ফাটেকৰ ভিতৰত ডাক্টৰে ৰোগী নগেনক সুধিলে.,,,!!!!!
হেৰা তোমাক দেখোন দেখাত পাগল যেন নালাগে,
নগেন :-চাৰ কোনে কৈছে পাগল বুলি প্ৰথমে মোৰ কাহিনী শুনক.,তাৰ পৰা দিচাইদ কৰিব।

:ঠিক আছে কোৱা।

:মই চাৰি বছৰৰ আগতে বিয়া কৰালো,এহাল ল’ৰা ছোৱালী থকা তিৰোতাক.,তাকো পলোৱাই।
ঘৰলৈ অনাৰ তিনিমাহ মানৰ পাছতে মোৰ দেউতায়ে মোৰ ছোৱালী জনীক বিয়া কৰাই পেলালে।
এতিয়া কওক মই মোৰ ছোৱালীক কি বুলি মাতিম ,মা বুলি নে জী আৰু দেউতাক দেউতা নে জোৱাই ?

পিছে ফুটা কপাল আকৌ মোৰ ল’ৰাটোৱে মোৰ ভন্টিক লৈ গ’ল বিয়া কৰাই.,,
এতিয়া কওঁক মই নিজৰ ভন্টিক কি বুলি মাতিম আৰু ল’ৰাটোক ?

মোৰ দেউতা হৈ পৰিল বিয়ৈ মোৰ জী হৈ পৰিল এফালে মা আনফালে বিয়ৈনী ।
ইফালে মই হ’লো দেউতাৰ শহুৰ
তথাপিও মই পাগল নহলো ।

কিন্তু সিদিনা মোৰ দেউতা আৰু জীৰ ফালৰ এটা ল’ৰা জন্ম হ’ল।
সি ডাঙৰ হ’লে মোক কি বুলি মাতিব ?
দাদা,মমা,ককা,পেহা জেঠা নে আন কিবা ?
আৰু মই কি বুলি মাতিম ?

তাকে ভাবি ভাবি লাহে লাহে অলপ চলপ কৈ পাগল হ’ব আৰম্ভ কৰিছো চাৰ.,,,

কিন্তু চাৰ আগতেই বেহুছ হৈ গল ।

এতিয়া আপোনালোকে সমন্ধটো উলিয়াই জনাবচোন পাৰিলে in Comment box .,,,,

Assamese Jokes

9. বাবা জ্ঞানদেব

1. গাখীৰ খালে শৰীৰৰ
    বিকাশ হয় !
মেকুৰীয়ে সদায় গাখীৰ খাই আজিলৈ কি বিকাশ হৈছে?
😜
😜
2- খোজ কাঢ়িলে ওজন কমে !
হাতীতো সদায় খোজ কাঢ়ি ফুৰে ! কিবা কমিল জানো?
😜😜
3- সাঁতুৰিলে শ্লীম হয় !
মাছ তো পানীতেই থাকে ! শ্লীম হ’ল নেকি ?
😜😜
4- ৰাতিপুৱা উঠিলে
     আর্থিক সমৃদ্ধি ঘটে !
তেনেহলে বাতৰিকাকত দিয়াজনে সদায় পুৱা  উঠে । তাৰতো BMW থকা উচিত !
😜😜
এই চক্কৰত পৰিলে ভুগিব কৈ থলো…..
😃😃বাবা জ্ঞানদেব😃😃
10. জনক কেই প্ৰকাৰৰ আৰু কি কি ??
শিক্ষক :- ঐ নগেন ,,,? ক’চোন জনক
কেই প্ৰকাৰৰ আৰু কি কি ,,,?
নগেন :- চাৰ ,,! জনক মুলতে দুই
প্ৰকাৰৰ । “আমোদজনক” আৰু
“প্ৰমোদজনক” ।
শিক্ষক :- গাধ ক’ৰবাৰ । আৰু
এবিধ জনক আছে । সেয়া হ’ল –
এতিয়া মই তোমাক বেতেৰে
চেকুৰী মাৰিম আৰু সেয়া
হ’বগৈ তোমাৰ বাবে –
“বিপদজনক” ।
ওচৰত বহি থকা যগেনে মাত
লগালে :- চাৰ আৰু এবিধ জনক
আছে । সেয়া হ’ল – নগেনে
যদি এতিয়া ভয়ত বাহিৰলৈ
বুলি লৰ মাৰি পলাই গুচি যায়
তেন্তে সেয়া হ’বগৈ নগেনৰ
বাবে – “সুবিধাজনক” ।
পিছফালৰ পৰা চিন্টুৱে মাত
লগালে :- চাৰ ,,! আৰু এবিধ
জনক আছে । সেয়া হ’ল –
নগেনে যদি বাহিৰলৈ বুলি
লৰ মাৰে আৰু আপুনি তেওঁৰ
পিছে পিছে দৌৰি গৈ
তেওঁক যদি ধৰি আনিব
নোৱাৰে তেন্তে সেয়া
হ’বগৈ আপোনাৰ বাবে –
“লজ্জাজনক” ।
কাষতে বহি থকা মালতী :-
চাৰ ,,,! নগেন মোৰ বয়ফ্ৰেণ্ড ।
গতিকে আপুনি তেওঁক ধৰি
আনি যদি চেকুৰী মাৰে
তেন্তে সেয়া হ’বগৈ মোৰ
বাবে – “আপত্তিজনক” আৰু
নগেনৰ অৱস্থা হ’বগৈ –
“পুতৌজনক” ।
খগেন :- চাৰ ,,,! এই বৃদ্ধ বয়সত
আপুনি যে নগেনক ধৰি আনিব
পাৰিব সেয়া কিন্তু মোৰ
বাবে – “সন্দেহজনক” ।
ৰাতুল :- চাৰ ,,,! ভুলতেও নগেনৰ
পিছে পিছে নদৌৰিব । কাৰণ
ঈশ্বৰে নকৰক আপুনি যদি
ক’ৰবাত উজুটি খাই পৰি যায়
তেন্তে আপোনাৰ অৱস্থা
হ’বগৈ – “সংকটজনক” । আৰু
কোনো মানুহে যদি এনে
ঘটনা দেখিবলৈ পায় তেন্তে
মানুহে ঘটনাটোক ক’ব –
“ৰহস্যজনক” ।
বন্ধু – বান্ধৱী সকল ।
আপোনালোকে যদি ইমান
ধুনীয়া কৌতুকটো পঢ়ি যদি হাঁহি এটা নামাৰে় তেন্তে সেয়া মোৰ
বাবে হ’বগৈ – “অপমানজনক” ।
আৰু যদি share কৰে তেন্তে সেয়া
মোৰ বাবে হ’বগৈ –
“সন্তোষজনক” ।
আৰু যি এলেহুৱাই কৌতুকটো
দীঘল বুলি ভাবি নপঢ়াকৈ
গুচি যাব তেন্তে তেওঁৰ
বাবে হ’বগৈ – “দুৰ্ভাগ্যজনক” ।
কাৰণ মোৰ নিচিনা এজন
কৌতুক লিখক পোৱাটো
আপোনালোকৰ বাবে –
“সৌভাগ্যজনক”
������������������

Assamese Jokes:

11. ৬০ টকা  invest
শনিবৰীয়া বজাৰত এঠাইত মানুহৰ ভীৰ দেখি ওচৰলৈ গৈ শুনিলো ভীৰৰ মাজত কোনোবাই কৈ আছিল……” আহক ! আহক ৰাইজ, মাত্ৰ ৬০ টকা খৰচ কৰক আৰু পাঁচ বছৰ বহি বহি খাওক”
শুনি আচৰিত লাগিল !এইটো আকৌ কি স্কিম আহিল ……!!!! যিয়েই নহওক ৬০ টকা  invest কৰি যদি ৫ বছৰ বহি বহি খাব পাৰি তেনেহলে লটাৰী লাগিল বুলিয়ে কব পাৰি ! ৫ বছৰৰ খৰচেৰে তো এখন ভাল car কিনিব পাৰিম!
ভীৰ ফালি যেনেতেনে ভিতৰলৈ গৈ পালো!
.
.
.
.
.
.
.
.
……………………চালা হাৰামিয়ে পীৰা বেছি আছে বে! 😡

12. Copy ase neki ?

Coustomar :দাদা বহী আছে নেকি ? ।
Dokani : অ বহি আছোঁ
coustomar : নহয় বহী আছে নেকি
Dokani : অ ৰে বহি আছো কি হল তোৰ
Coustomar : বহী মানে কপি আছে নেকি
Dokani : কত নো কপি আছোঁ ভাল কে বহি আছোঁ
Coustomar : নহয় মানে আপোনাৰ দোকান ত বহী আছেনে বাৰু
Dokani : নহলে কি তোৰ বাপেৰ ৰ দোকানত বহি আছোঁ নেকি হা ……?

Read some Assamese love messages

13. Car

car শব্দটোৰ বিষয়ে কিছু জানো আহক…

1. যিবোৰ গাড়ীৰ পিছফালটো খোলা
থাকে , সেইবোৰেই
ট্ৰেcar .

2. যি সদায় ঘৰত হুইচেল মাৰি থাকে , সি
হ’ল
কুcar .

3. যাৰ পৰিচালনাত দেশ চলে , সেয়াই
হ’ল
চৰcar .

4. মাক দেউতাকৰ চিন্তাৰ কাৰণ হোৱা
সন্তানেই হ’ল
বেcar .

5. ৰজা মহাৰজাৰ প্ৰিয় খেলেই আছিল
চিcar .

6. প্ৰয়োজনীয় বস্তু ৰখা ঠাইত বিচাৰি
নাপালে লাগি যায়
হাহাcar.

7. পত্নীক খুচ ৰাখিবলৈ হ’লে , মাজে
মধ্যে দি থাকিব লাগে
আ-অলংcar .

8.মানুহৰ পতনত যিয়েই আগভাগ লয় , সিয়েই
হ’ল
অহংcar …

9.যিয়ে মানুহক হহুৱাবৰ বাবে অভিনয়
কৰে সি হল
জcar

10.যি জনে car মেৰামতি কৰে তাক
কোৱা হয়
মেcar

আৰু ইমান সুন্দৰ কৈ যে মিলাই
লিখিছো সেয়েহে মোক কয়
কলাcar.

Keep visiting for more Assamese Jokes. If you like these jokes you can share with your friends.